সমগ্র অসমৰ শিক্ষা জগতত এক বিশিষ্ট স্থান অধিকাৰ কৰি থকা নলবাৰী জিলাৰ কেইগৰাকীমান শিক্ষাপ্রেমী, সমাজসেৱী তথা স্বেচ্ছাসেৱী ব্যক্তিয়ে উঠি অহা যুৱ-প্ৰজন্মক বিশ্বায়ন শিক্ষা ব্যৱস্থাৰ সৈতে একীভূত কৰাৰ মানসেৰে মহৎ উদ্দেশ্য হাতত লৈ যি ঐকান্তিক আৰু নিৰৱচ্ছিন্নভাৱে বিগত সময়ত যি প্রচেষ্টা চলাই আছে তাৰেই ফলশ্রুতিত সৃষ্টি হৈছে— ‘অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।
বিশ্বায়নে মাতি অনা ব্যক্তিগত খণ্ডৰ শিক্ষাৰ বিকাশৰ প্রতি সঁহাৰি জনাই নলবাৰী চহৰ আৰু ইয়াৰ পার্শ্ববর্তী গাঁও অঞ্চলৰ ছাত্র-ছাত্ৰীক অতি কম খৰচত উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাত পাঠদান কৰি ফলাফলৰ ক্ষেত্ৰত এক গৌৰৱােজ্বল ইতিহাস সৃষ্টি কৰাৰ মানসেৰে এই অনুষ্ঠান গঢ় দিয়া হৈছে, যিটো শিক্ষানুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা স্বীকৃত। নলবাৰী জিলাত থকা উচ্চতৰ মাধ্যমিক পর্যায়ৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখনৰ উপৰিও, চহৰৰ বুকুত গঢ়ি উঠা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত ‘অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী শিক্ষার্থী আৰু সমাজৰ নামত উৎসর্গিত এটি ব্যতিক্রমধর্মী সহঃশিক্ষানুষ্ঠান যিয়ে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ বাবে প্রতিজ্ঞাবদ্ধ।
Asom Valley Academy Jr. College, Nalbari Acquired Permission form AHSEC Start H.S. 1 st Year Arts & Commerce Classes under no. AHSEC/RPR/PERM/NEW/C/05-06/P.916 Dated 30-4-05. The institution has also acquired Prior Permission from the govt. of Assam vid no PC/PR/281/2008/53 dated July 26, 2010. H.S First year permission is accorded by the AHSEC VID No.- AHSEC/RPR/RRC/57/06/9326 dated 20/09/2011 and H.S 2 nd Years Permission is accorded by the AHSEC Vid No. AHSEC/RPR/RRC/57/06/ 10001-100092 dated 10/09/2012 further the Institution has been Recognized under AHSEC Vid No. AHSEC/RPR/RRC/60/07, 1894-1951 Dated 19/7/13