দ্বৈত মাধ্যম
ইংৰাজী আৰু অসমীয়া উভয় মাধ্যমেৰে পাঠদানৰ ব্যৱস্থা
কলা আৰু বাণিজ্য শাখাত ৩৪ জন
কলা আৰু বাণিজ্য শাখাত ১৩২ জন
কলা আৰু বাণিজ্য শাখাত ২১৭ জন
২০১৯ বৰ্ষত উভয় শাখাত ৩২৪ জন অবতীৰ্ণ হৈছিল আৰু আটাইকেইজন উত্তীৰ্ণ
সমগ্র অসমৰ শিক্ষা জগতত এক বিশিষ্ট স্থান অধিকাৰ কৰি থকা নলবাৰী জিলাৰ কেইগৰাকীমান শিক্ষাপ্রেমী, সমাজসেৱী তথা স্বেচ্ছাসেৱী ব্যক্তিয়ে উঠি অহা যুৱ-প্ৰজন্মক বিশ্বায়ন শিক্ষা ব্যৱস্থাৰ সৈতে একীভূত কৰাৰ মানসেৰে মহৎ উদ্দেশ্য হাতত লৈ যি ঐকান্তিক আৰু নিৰৱচ্ছিন্নভাৱে বিগত সময়ত যি প্রচেষ্টা চলাই আছে তাৰেই ফলশ্রুতিত সৃষ্টি হৈছে— ‘অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।
বিশ্বায়নে মাতি অনা ব্যক্তিগত খণ্ডৰ শিক্ষাৰ বিকাশৰ প্রতি সঁহাৰি জনাই নলবাৰী চহৰ আৰু ইয়াৰ পার্শ্ববর্তী গাঁও অঞ্চলৰ ছাত্র-ছাত্ৰীক অতি কম খৰচত উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাত পাঠদান কৰি ফলাফলৰ ক্ষেত্ৰত এক গৌৰৱােজ্বল ইতিহাস সৃষ্টি কৰাৰ মানসেৰে এই অনুষ্ঠান গঢ় দিয়া হৈছে, যিটো শিক্ষানুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা স্বীকৃত। নলবাৰী জিলাত থকা উচ্চতৰ মাধ্যমিক পর্যায়ৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখনৰ উপৰিও, চহৰৰ বুকুত গঢ়ি উঠা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত ‘অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী শিক্ষার্থী আৰু সমাজৰ নামত উৎসর্গিত এটি ব্যতিক্রমধর্মী সহঃশিক্ষানুষ্ঠান যিয়ে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ বাবে প্রতিজ্ঞাবদ্ধ।
ইংৰাজী আৰু অসমীয়া উভয় মাধ্যমেৰে পাঠদানৰ ব্যৱস্থা
নিয়মীয়া পাঠদানৰ উপৰিও সময়ে সময়ে বিশেষ পাঠদান-প্ৰশিক্ষণৰ ব্যৱস্থা
বিশেষ অভিজ্ঞতাসম্পন্ন শিক্ষকৰদ্বাৰা নিয়মীয়া পাঠদান
ছাত্র-ছাত্রীৰ ভৱিষ্যত নিয়ােজনৰ বাট সুচল কৰিবলৈ বৃত্তিগত পৰামৰ্শৰ বিশেষ ব্যৱস্থা গ্রহণ।
সময়ে সময়ে গুৰু-শিষ্য-অভিভাৱকৰ যৌথ আলােচনাৰ জৰিয়তে শিক্ষণ-প্রশিক্ষণৰ নবীকৰণ
ছাত্র-ছাত্রীৰ সুবিধার্থে কলেজ চৌহদত পুঠিভড়ালৰ ব্যবস্থা।
* হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক নম্বৰ পোৱা দৰিদ্র সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীক মাহিলী বিশেষ জলপানিৰ ব্যৱস্থা।
* বিশেষভাৱে সক্ষম ছাত্র-ছাত্রীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা।
* সকলো মেধাৱী ছাত্র-ছাত্ৰীৰ বাবে বিশেষ বৃত্তি প্রদানৰ ব্যৱস্থা।
* প্ৰতি বছৰে চূড়ান্ত বৰ্ষত কলেজৰ ভিতৰতে সর্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্র বা ছাত্রীগৰাকীক কলেজ কর্তৃপক্ষৰ ফালৰ পৰা ‘শ্রেষ্ঠ এভিয়ান’ বঁটা প্রদান
এমাহৰ পিছত বিষয় সলনিৰ কোনো আবেদন গ্ৰহণ কৰা নহব আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত লোৱা কোনো ঐচ্ছিক বিষয় দ্বিতীয় বৰ্ষত সলাব নোৱাৰিব।
সময়: ৯.১৫ বজাৰ পৰা - ৩ বজালৈ
সময়: ৯.১৫ বজাৰ পৰা - ৩বজালৈ